আপুনি হতাশাত ভুগিছে নেকি আপোনাৰ জীৱন সংগী ক লৈ অথবা প্ৰেমিক প্ৰেমিকাক সুখী কৰিব নোৱাৰি

 আপুনি হতাশাত ভাগি পৰিছে নেকি আপোনাৰ জীৱন সংগী অথবা প্ৰেমিক প্ৰেমিকাক সুখী কৰিব নোৱাৰি



ভাগি নপৰিব, আপোনাৰ ধৈৰ্য ই আপোনাৰ সাৰথী। মাথোঁ সু-চিন্তা আৰু মৰমৰ ভাষাৰে আগুৱাই নিব চাওক। আপোনাৰ সংগী এ যদি আপোনাৰ ওপৰত খং কৰি কবলৈ লৈছে আপুনি তাৰ উত্তৰ দিবলৈ অথবা তেওঁ বা তাইৰ লগত লাগিবলৈ নাচাব। শান্ত মনেৰে মনত যিমানেই খং ৰাগ চিন্তা আহিলেও কথা খিনি শুনিবলৈ ৰত্ন কৰক, শুনিব যদি নোৱাৰে তেন্তে আপুনি আপোনাৰ ভূল হ'ল বুলি মনাব চাওক। যদিহে আপুনি প্ৰশ্নৰ উত্তৰ সমানে দিবলৈ আৰম্ভ কৰে তেতিয়া আপোনাৰ ধৈৰ্য আৰু চিন্তা বিচলিত হ'ব পাৰে আৰু দুয়োৰে খংৰ পৰিনাতি ভয়াবহ হ'ব পাৰে। গতিকে আপোনাৰ ধৈৰ্য আৰু চিন্তাই সঠিক কৰি তুলক, যিয়ে আপোনাৰ জীৱন সুন্দৰ সুখী কৰি তুলিব। 

"ভুল যাৰেই নহওঁক কিয়, আপোনি ধৈৰ্য আৰু শান্ত হৈ যদি সংসাৰত / relationship ত শান্তি আনিব পাৰে, তাত আপোনাৰ status তল পৰি নাযায়। বৰং আপোনাৰ স্বভাৱৰ বাবে এখন সংসাৰ নহয় আপোনাৰ লগত বহুতৰ সংসাৰ উজলাই তুলিব নতুন দিশলৈ।"

আপোনাৰ ধৈৰ্য, চিন্তা আৰু মৰমৰ ভাষাত এদিন আপোনাৰ ওপৰত তাইৰ/তাৰো চিন্তা, মনে মৰম জগাই তুলিব। কিমাননো অকলে তেনেকৈ ক'ব? এদিন নিজেও নিজকে অনুতাপ কৰিবলৈ বাধ্য হ'ব।

Important:  আপুনি আপোনাৰ সংগীৰ লগত প্ৰতাৰণা কৰি অথবা আপোনাৰ সংগীক লোকাই বেয়া কৰ্মৰ মাজত নিজকে লিপ্ত কৰি আপোনাৰ সংগীক আঘাত নিদিব। আনৰ পৰা কিয়নো ক্ষন্তেকীয়া মৰমৰ বিচাৰি নিজৰ স্বভাৱৰ দাগ লগাব? মৰম আপোনাৰ লগতেই আছে আপোনাৰ জীৱন সংগীএই সকলো মাথোঁ মৰমৰ ভাষা বুজিবলৈ / বুজাবলৈ অলপ মাথোঁ কষ্ট কৰক।


Next Post Previous Post
No Comment
Add Comment
comment url