প্ৰেমত কেনেকৈ সলনি হৈ পৰে তোমাৰ partner জন বা জনী ।। এবাৰ পঢ়ি চাবচোন

 

তুমি কোৱা "মই বহুত ভাল পাওঁ তোমাক" ৰ বৰ্তমান মূল্য আৰু সততা বহুত কমি আহিছে। ইয়াৰ কাৰণ আন একো নহয়, তোমাৰ বা তাইৰ মনৰ চিন্তা আৰু বিচাৰত পৰিবৰ্তনে অনা এক নতুন অধ্যায়ৰ পাঠ। 



১// প্ৰথম অৱস্থাত তোমাৰ প্ৰতি মৰম ভালপোৱাৰ কোনো অভাৱ নাথাকে, লাহে লাহে পুৰণি হৈ অহাৰ লগে লগে তোমাৰ প্ৰতি অহা অৱহেলা আৰু অস্থিৰতাই তাৰ/তাইৰ মনত নতুন নতুন প্ৰশ্ন উত্থাপন কৰিবলৈ লয় যাৰ বাবে আৰম্ভ হয় তোমাৰ ওপৰত এক আবেগিক ভাৰহীন প্ৰেমৰ বোজা। এই প্ৰেমৰ ৰণাঙ্গনত বহুতো third person ৰ আৱিৰ্ভাৱ হয়, ধৰা ছোৱালীৰ ক্ষেত্ৰত তাইৰ লগত থকা Motivational speaker আৰু কিছুমানৰ ৱেষ্ট বান্ধৱী, ইয়াৰোপৰি কিছুমান ছোৱালী আছে ল'ৰাৰ লগত কেৱল প্ৰেমৰ সম্পৰ্ক কৰে অভাৱ পূৰণ কৰিবলৈ,  আৰু enjoy n entertainment কৰিবলৈ।। আনহাতে ল'ৰাৰ ক্ষেত্ৰত "তেনে পৰিৱৰ্তন দেখা পোৱা মানে সেই জন তোমাৰ ওপৰত কেৱল চখৰ বাবে অথবা আন অব্যক্ত কিছুমান মত চিন্তা আৰু বিচাৰত বুৰ গৈ তোমাৰ লগত প্ৰেমৰ খেলত তোমাক নচোৱাইছে। কিছুমান আছে আকৌ শাৰীৰিক সম্পৰ্কৰ সোৱাদ ল'বলৈ তোমাৰ ওপৰত প্ৰেমৰ খেলা কৰে" অথবা  তোমাৰ কিছুমান গতি আৰু স্বভাৱৰ বাবে য'ত তাক বাধ্য কৰাইছে তোমাৰ এই সৌন্দৰ্য্যৰ আৰত থকা স্বভাৱটোৱে সলনি হ'বৰ বাবে বা নিজকে তোমাৰ পৰা আতৰ কৰিবলে। 


২//  আন কিছুমান সম্পৰ্ক আছে য'ত ঘৰুৱা পৰিবেশৰ ওপৰত পৰি সলনি হৈ পৰে তোমাৰ প্ৰেমিক/প্ৰেমিকা। 

৩// গভীৰ প্ৰেমত আবদ্ধ তথাপিও পৰিবৰ্তন আহি পৰে-

সৰু সৰু কিছুমান কাজিয়া, আৰু কেতিয়াবা এক সম্পৰ্কৰ বান্ধোনত মানিবলৈ বাধ্য হোৱা কিছুমান স্বাধীনতা হেৰুৱাৰ মোহত নিজকে তোমাৰ তলত নাথাকো, তোমাৰ শাসন মতে নচলো, এনেবোৰ চিন্তা আৰু বিচাৰত ধ্বংস হয় সম্পৰ্ক। ইয়াতে কিছুমান থাকে অহংকাৰ আৰু চঞ্চলতাৰ প্ৰভাৱ।

৪// ইয়াতে কিছুমান পাবা আনৰ চোৱা অমুক কিনি দিয়ে তুমি মোক নিদিয়া, কিছুমানে আকৌ নকয়, লাহেকৈ মনতে ভাবি আঁতৰি আহিবলৈ সুযোগ বিচাৰি ৰয়।


Next Post Previous Post
No Comment
Add Comment
comment url