পঢ়াত মন নবহা হৈছে নেকি? চাওক কি কৰিলে ভাল হয়

 কেনেকৈ ৭ / ৮ ঘণ্টা পঢ়ে🙄🤔

কমকৈ পঢ়ি অধিক আহৰণ কি দৰে কৰিম তাৰ উপায়


কি দৰে নিজকে পঢ়াত মন বঢ়াই তুলিব পাৰি তাৰ কিছুমান কৌশল আৰু অভ্যাসৰ প্ৰয়োজন হয়।

১/ ধৈৰ্য

২/ আত্ম বিশ্বাস

৩/ মনৰ চিন্তা আৰু দৃঢ়তা

৪/ ভাল পাবলৈ শিকা 

এতিয়া ধৈৰ্য কি আৰু কি দৰে নিজকে ধৈৰ্য বঢ়াই তোলা হয় শিকো আহক....

মনত সঘনাই আহি থকা ভাব চিন্তাই মানুহৰ মনটোক সলনি আৰু ধৈৰ্য নোহোৱা কৰে। কোনো বিশেষ বিষয়ৰ ওপৰত অথবা এক নিৰ্দিষ্ট কামত নিজকে এক সময় সীমাৰ মাজত সেই কামটোৰ বা বিষয়টোৰ ওপৰত মনোনিবেশ কৰা, য'ত অন্য চিন্তা কথাৰ মোহ মনত যাতে নাহে। ধৈৰ্য বঢ়াই তুলিবলৈ হ'লে সদায় কমকৈ হ'লেও কিছু সময়ৰ বাবে ব্যায়াম কৰিবলৈ চোৱা অথবা কোনো এক নিৰ্দিষ্ট কাম অন্যমনস্ক নোহোৱাকৈ কৰিবলৈ যত্ন কৰা। বিশেষকৈ Mobile & 4g যোগে মানুহৰ মন আৰু ধৈৰ্যত বহুত প্ৰভাৱ পেলায় আহিছে, গতিকে যিটো কামত মনোনিবেশ কৰিছাঁ Mobile ৰ অবিহনে কিছু সময়ৰ বাবে গুৰুত্ব দি কৰাৰ যত্ন কৰা। এনেদৰে নিজকে সলনি কৰিব পাৰিলে তোমাৰ ধৈৰ্য আৰু মন মগজু Developed কৰিত বহুত সহায় হয়। "বিশেষকৈ মানুহৰ মনৰ দৃঢ়তাই হৈছে ধৈৰ্য"।



2/ আত্ম বিশ্বাস: নিজকে দুৰ্বল বা গেধা যেন অনুভৱ কৰিছাঁ নেকি? নকৰিবা, তুমিও জানা আৰু তুমিও চোকা, মাথোঁ অলপ সময় যত্নৰ প্ৰয়োজন আছে। 

"মই এইটো নোৱাৰিম বা নোৱাৰোঁ বুলি কেতিয়াও পিছুৱাই নাযাবা, আগুৱাই আহা আৰু চেষ্টা কৰা, লাজ নকৰিবা কাৰণ নজনাতো শিকাটো লাজকৰাৰ প্ৰয়োজন নাই, নাজানো বুলি আগুৱাই আহিব মন নকৰি থাকি যোৱাটো জীৱনৰ প্ৰথম ভুল আৰু নিজকে কৰা অৱহেলা। কৰিলে ময়ো পাৰিম, ময়ো কৰো আগুৱাই যাও- এয়াই মানুহৰ আত্ম-বিশ্বাস।"

Notice:  মই পাৰোঁ- এয়া আত্ম বিশ্বাস।। 

কিন্তু ময়হে পাৰোঁ আন কোনেও নোৱাৰে- এইয়া অহংকাৰ।।

মই পাৰোঁ ভাবি আঁতৰি অহা- এইয়া অবহেলা কিন্তু অধঃপতন ৰ গতি।



৩/ মনৰ চিন্তা আৰু দৃঢ়তা: তোমাৰ মন কেৱল ধনাত্মক চিন্তাধাৰাৰ মাজত মুকলিকৈ এৰিব চোৱা। ঋণাত্মক চিন্তা আৰু মানসিকতাৰ দৃষ্টিয়ে সফলতাৰ মুখ দেখাৰ পৰা আতঁৰাই তোলে। মনত সেই ধনাত্মক চিন্তাধাৰাই ধৰি ৰাখি আগুৱাই যাবলৈ আৰম্ভ কৰা, ক'ৰবাত হয়তো failure ও হ'ব পাৰা কিন্তু ধনাত্মক চিন্তা নেৰিবা - এয়াই দৃঢ়তাৰ পৰিচয় দিয়ে। এনে পদ্ধতি ব্যৱহাৰ কৰিলে বিফল হোৱাৰ মুখামুখি হোৱাৰ পৰা আতৰ হৈ আহিব তোমাৰ প্ৰতিতো খোজ।

৪/ ভাল পাবলৈ শিকা: তুমি চাগে শুনিবলৈ পাইছাই "ভালপোৱাৰ অবিহনে জীৱনৰ সকলোবোৰ অচল হৈ পৰে, প্ৰেমেই সৃষ্টিৰ উৎস আৰু ফ্ৰেমেই ধ্বংস কৰে"। হয় প্ৰেমত সকলো হৈ উঠে আৰু পলকতে ধ্বংস ও কৰিব পাৰে। কোনো কামত , কোনো বিষয়ত তোমাৰ সফলতা কঢ়িয়াই আনিবলৈ প্ৰথমে তুমি সেই কামটো/বিষয়টোৰ ওপৰত বা মানুহ জনৰ/জনীৰ ওপৰত ভালপোৱা হ'ব লাগিব। পঢ়ি ভালপোৱা হ'ব লাগিব, বিষয়টো টান যদিও ভাল পাব পাৰিলে তাৰ প্ৰতি আকৰ্ষিত হৈ পৰিবা। ভয় শংকা নোহোৱা হৈ পৰিব তোমাৰ।

   এই দৰে নিজকে এই চাৰিটা  অভ্যাসৰ মাজেদি আগবাঢ়ি যাবলৈ শিকা । জীৱনৰ কেৱল পঢ়া দিশতেই নহয় তোমাৰ জীৱনৰ শেষ সময়লৈকে তোমাৰ লগত সুখ, শান্তি আৰু হাঁহিৰে আগবঢ়াই নিয়াত তোমাৰ সহায় কৰিব।

জীৱন যুঁজত সফল ব্যক্তি আৰু বিশেষজ্ঞৰ সমীক্ষাৰ পৰা আহৰণ কৰি তোলা কিছুমান আদৰ্শ বাণীৰে.......

Next Post Previous Post
No Comment
Add Comment
comment url