নিজৰ সম্পৰ্কীয়ৰ লগত আমি কিয় বিবাহ পাশত আবদ্ধ হ'ব নাপাই।। জানো আহাঁ ।।

 আমাৰ তেজৰ সম্পৰ্ক থকা মানুহৰ লগত বিবাহ পাশত বহিব নাপাই বুলি কোৱা বহুতত শুনিবলৈ পোৱা, কিন্তু কিয় জানানে?




বৈবাহিক জীৱনৰ সম্পৰ্কৰেই আমাৰ নতুন প্ৰজন্মৰ সৃষ্টি হয়। য'ত আমাৰ বিজ্ঞানৰ ভাষাত পুং জনন অংগৰ পৰা অহা শুক্ৰানু আৰু স্ত্ৰী জনন অংগত থকা ডিম্বাণুৰ লগত নিশেচন হৈ নৱ প্ৰজন্মৰ জন্ম হয়। এই পক্ৰিয়াত মিলন হোৱা দুই ধৰণৰ ক্ৰমজমৰ প্ৰভাৱত আপোনাৰ সন্তানৰ ভৱিষ্যত বা আপোনাৰ সন্তানৰ বিৱৰণ পোৱা যায়।

           আপোনাৰ সন্তানে আপোনাৰ দৰেই দেখিবলৈ বা মাকৰ চেহেৰা লগত, চৰিত্ৰৰ লগত অথবা আচৰণৰ লগত একে বুলি কোৱা হয় কিন্তু কিয় এনেকুৱা লাগে তাৰ ভিতৰত কথা খিনি হয়টো আজিলৈকে জনা নাই নহয়নে। 


ইয়াৰোপৰি কিছুমান বংশগতি বেয়া লক্ষণ আৰু বেমাৰ আমাৰ শৰীৰৰ তেজত থাকে , যেতিয়া নিজৰ বংশৰ মাজতে বিবাহ সম্পন্ন হয় তেতিয়া সেই দুই দাম্পত্যৰ মিলনত আগন্তুক প্ৰজন্মৰ ওপৰত এই প্ৰভাৱে বেছিকৈ প্ৰভাৱিত হৈ পৰে। যাৰ ফলত নৱ প্ৰজন্মৰ ক্ষতিকাৰক হ'ব পাৰে। এনে কাৰণৰ বাবে বংশৰ মাজতে বিবাহ পাশত আবদ্ধ হোৱাটো বেয়া বুলি গণ্য কৰা হয়।


Next Post Previous Post
No Comment
Add Comment
comment url