শুকুৰৰ গাত মাহ হালধিৰ গুন্ধ, শুকুৰ এইবাৰ সকলো সংগ্ৰামৰ পৰিহাৰ কৰি বিয়াত বহিল || আজিৰ খবৰ


এইবাৰ দৰাৰ সাজত সকলোৰে চিনাকি আমাৰ শুকুৰ আলি। কেতিয়াবা হয়টো আপুনিও দেখিবলৈ পাইছে, শুকুৰ দা অসমৰ নিউজ চেনেলৰ শিৰোনামা দখল কৰি অহা। কেতিয়াবা ৰাজনীতিৰ পথত, কেতিয়াবা চুটি ছবিৰ জগতত আৰু কেতিয়াবা অসমৰ মূখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (মামা) ৰ আলসোৱা কেম্পেইন ৰূপেৰে।


কিন্তু এইবাৰ তেনে ৰূপত নহয়। এক ব্যতিক্ৰমী জীৱনশৈলীৰ পৰিৱৰ্তন কৰিবলৈ শুকুৰ বহিল বিয়াৰ মণ্ডপত।

বিয়াঘৰত উখল–মাখল পৰিৱেশ, ইজন সিজনকৈ সকলো ব্যস্ত। কোনোবাই যদি ৰান্ধিছে, কোনোবাই আকৌ আমন্ত্ৰিত অতিথিক আপ্যায়ন কৰিছে , মুঠতে বিয়াৰ ঘৰত এক সুন্দৰ পৰিবেশ। কোনোবা যদি কামত ব্যস্ত, কোনোবা আকৌ কথাৰ মহলাত তামোল চালি মুখত লৈ। মুঠতে অন্তহীন ব্যস্ততা আৰু মানুহৰ ভিৰ।



ৰভাৰ বাহিৰত দৰাৰ অপেক্ষাত সকলোৱে আত্মহাৰা হৈ পৰিছে। দৰা নাহেহে নাহে, অৱশেষত আহিল পালেহি দৰা সাজত শুকুৰ। শুকুৰ নাকত ৰুমাল লৈ গাড়ীৰ পৰা নামিল আহিল। 



হয় সেইজনেই বাতৰিৰ শিৰোনামা দখল কৰা জন। দৰাৰ নাম শুকুৰ আলী। সততে ছচিয়েল মিডিয়াত চৰ্চিত শুকুৰ আলী।




অৱশেষত সকলো নিভাজ কৰি বিবাহ পাশত আবদ্ধ হ’ল শুকুৰ আলী। সোমবাৰে যুগ্ম জীৱনৰ পাতনি মেলিলে সততে ছচিয়েল মিডিয়াত চৰ্চাত থকা শুকুৰ আলীয়ে। সম্পূৰ্ণ ইছলাম ধৰ্মীয় ৰীতি–নীতিৰে সম্পন্ন হ’ল শুকুৰ আলীৰ বিয়া।

কইনা কোকৰাঝাৰৰ ডিংডিঙা ঠাকুৰপুৰ গাঁৱৰ নিবাসী। সপিক মিঞাৰ কন্যা সমিনা খাতুনৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলিলে শুকুৰে। সমাজক সাক্ষী কৰি ইছলাম ধৰ্মীয় ৰীতি–নীতিৰে বিবাহপাশত আবদ্ধ হ’ল শুকুৰ। প্ৰায়ে সংবাদ মাধ্যমৰ সন্মুখত বক্তব্য ৰাখিবলৈ আগবাঢ়ি অহা শুকুৰে কিন্তু বিয়াৰ দিনা কোনো মন্তব্য নকৰিলে সংবাদ মাধ্যমৰ আগত।
Next Post Previous Post
No Comment
Add Comment
comment url