IAS আৰু IPS ৰ কিছুমান জানিব লগীয়া কথা আৰু আবেদনৰ নিয়ম বোৰ

 IPS, IAS ৰ কেইটামান মনত ৰাখিবলগীয়া কথা


(১) প্ৰাৰম্ভিক পৰীক্ষাৰ প্রশ্ন বস্তুনিষ্ঠ ধৰণৰ, কিন্তু মুখ্য পৰীক্ষাৰ প্ৰশ্নবোৰ গতানুগতিকধৰণৰ, অৰ্থাৎ বচনাধর্মী হয়।


(২) ভাষা বিষয়ক প্রশ্নকাকতৰ বাহিৰে আনবোৰ বিষয়ৰ পৰীক্ষা ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীভূক্ত যিকোনো এটা ভাষাত দিব পাৰি।


(৩) ভাষা বিষয়ৰ অথবা ইংৰাজী ভাষাৰ প্ৰশ্নকাকতৰ প্ৰশ্নৰ মান মাধ্যমিক স্তৰৰ। এই দুখন প্রশ্নকাকতৰ নম্বৰ অৱশ্যে ক্রমোন্নতিৰ ক্ষেত্ৰত ধৰা নহয়। অৱশ্যে এইবোৰ প্ৰশ্নকাকতৰ ক্ষেত্ৰত আয়োগে এটি ন্যূনতম নম্বৰ ঠিক কৰি দিয়ে।


(8) ৰচনা, সাধাৰণ অধ্যয়ন আৰু ঐচ্ছিক বিষয়ৰ বিভিন্ন প্রশ্নকাকতৰ নম্বৰৰ ভিত্তিত মেধা-তালিকা প্রস্তুত করা হয়। লিখিত পৰীক্ষাত সফল হোৱাসকলক মৌখিক সাক্ষাৎকাৰলৈ আমন্ত্রণ জনোৱা হয়। মৌখিক সাক্ষাৎকাৰৰ বাবে নিৰ্ধাৰিত নম্বৰ ২৭৫।


(৫) ভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষা যদিও মূলতঃ এক চাকৰিভিত্তিত পৰীক্ষা, তথাপি ইয়াৰ লগত ছাত্ৰ জীৱনৰ শৈক্ষিক বিষয়ৰ এক নিগূঢ় সম্পর্ক আছে। (৬) এই পৰীক্ষাৰ প্ৰশ্নসমূহ বস্তুনিষ্ঠ আৰু বচনাধৰ্মী, দুই ধৰণৰ হয়।


(৭) ভাৰতীয় অসামৰিক সেৱাৰ প্ৰাৰম্ভিক পৰীক্ষাৰ এক-ডেৰ বছৰৰ আগৰে পৰাই মুখ্য পৰীক্ষাৰ (Main Examination) ঐচ্ছিক বিষয়সমূহৰ অধ্যয়ন আৰম্ভ কৰা উচিত। মুখ্য পৰীক্ষাৰ সকলো বিষয়ৰ প্ৰশ্নতেই ভাষাৰ যথেষ্ট মেৰপেঁচ থাকে আৰু প্ৰশ্নবোৰৰ মান স্নাতক অনাৰ্ছ স্তৰৰ হয়। সাধাৰণতে প্রাবম্ভিক পৰীক্ষার ফলাফল আৰু মুখ্য পৰীক্ষাৰ মাজত তিনি মাহ মানহে সময় থাকে। সেয়ে প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছতহে মুখ্য পৰীক্ষাৰ বাবে পড়া-শুনা কৰিম, এনে মনোভাবক বিন্দুমাত্র প্রশ্রয় দিয়া উচিত নহয়। (৮) এই পৰীক্ষাৰ বাবে সাজু হওঁতে কোনে কিমান কিতাপ পঢ়িছে সেইটো ডাঙৰ কথা নহয়, কোনকেইখন কিতাপ ভালকৈ পঢ়িছে সেইটোহে ডাঙৰ কথা।


(৯) পৰীক্ষাৰ পূৰ্বৰ প্ৰশ্নকাকতসমূহ ভালকৈ যুকিয়াই চোৱা উচিত। সময়ত একেটা প্রশ্নকে কৌশলেৰে ঘূৰাই পকাই কৰা হয়।

(১০) প্রশ্নৰ উত্তৰসমূহ যথাসম্ভব সহজ আৰু সবল হোৱা আৱশ্যক। তদুপৰি বিভিন্ন ছবি, তালিকা আদিও যথাস্থানত দিব লাগে।


(১১) বিগত বছৰবোৰৰ বিভিন্ন সাম্প্রতিক বিষয়ৰ বা বাতৰি প্ৰবন্ধ আদি সংগ্ৰহ কৰি ৰখা উচিত আৰু তাৰ মাজে মাজে এইবোৰ বিশ্লেষণ কৰি লেখার অভ্যাস করা উচিত।


(১২) এই পৰীক্ষাৰ বাবে কেৱলমাত্র তথ্যসমূহ জানিলেই নহ'ব, সেইবোৰৰ পৰা এক সু-নির্দিষ্ট সিদ্ধান্তও গ্রহণ কৰিব পাৰিব লাগিব। (১৩) ভাৰতীয় অসামৰিক সেৱাৰ বাবে এক গভীৰ আৰু ব্যাপক প্রস্তুতির প্রয়োজন।

 পৰীক্ষাৰ এবছৰমান আগতেই সম্পূর্ণ পাঠ্যক্রম শেষ কৰিব পাৰিলে অধিক মুফল আশা কৰিব পাৰি। তদুপৰি পৰীক্ষাৰ তিনি মাহমানৰ আগৰে পৰাই গুরুত্বপূর্ণ বিষয়বোৰ খুটি নাটি মাৰি পঢ়া আবশ্যক।


• আবেদনৰ নিয়ম


ভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাৰ বাবে আবেদন বিচাৰি কেন্দ্রীয় লোকসেৱা আয়োগে সাধাৰণতে ডিচেম্বৰ-জানুৱাৰী মাহত বিজ্ঞাপন প্রকাশ কৰে। দেশৰ বিভিন্ন শীর্ষস্থানীয় সংবাদপত্ৰত বিশেষকৈ 'এমপ্লয়মেন্ট নিউজ 'ত এই বিজ্ঞাপন প্রকাশ হয়। বিজ্ঞাপন অনুসৰি নিৰ্দিষ্ট আৰ্হিৰ আবেদন প্ৰ-পত্ৰ পূৰণ কৰি আয়োগৰ নতুন দিল্লীস্থ কার্যালয়লৈ পঠিয়াব লাগে। সাধাৰণতে বিজ্ঞাপন প্ৰকাশৰ পাছত আবেদন কৰাৰ বাবে প্ৰাৰ্থীক এমাহৰ সময় দিয়া হয়। এই পৰীক্ষাৰ মাচুল ১০০ টকা। এজন প্ৰাৰ্থীয়ে চাৰিবাৰৰ বেছি এই পৰীক্ষা দিব নোৱাৰে। মহিলা আৰু SC/ST ৰ প্ৰাৰ্থীয়ে মাচুল দিব নালাগে।


অন লাইন যোগেও আবেদন কৰিব পাৰে। Website : http://www.upsconline.nic.in অনলাইন যোগে আবেদন কৰিলে মহিলা প্রার্থীয়ে ৫০ টকা মাচুল দিব লাগে। আমাৰ দেশৰ প্ৰায় সকলোবোৰ ডাঙৰ চহৰতেই এই পৰীক্ষা দিয়াৰ সুবিধা আছে। অসমৰ গুৱাহাটী আৰু যোৰহাটত এই পৰীক্ষা দিয়াৰ সুবিধা আছে।


এই পৰীক্ষা সম্পৰ্কীয় অন্যান্য তথ্যাদিৰ বাবে যোগাযোগৰ ঠিকনা Secretary, Union Public Service Commission, Dholpur House, NEW DELHI 110011.




Next Post Previous Post
No Comment
Add Comment
comment url