ভাৰতৰ অৰ্থনীতি বিষয় সম্পৰ্কে

 ভাৰতীয় অর্থনীতিৰ আভাষ



ভাৰতবৰ্ষ এখন উন্নয়নশীল দেশ। সেয়ে ভাৰতীয় অর্থনীতি অনুন্নত অর্থনীতি। ভাৰতীয় নাগৰিকৰ জনমূৰি আয় কম। ফলত ভাৰতীয়সকলৰ সঞ্চয় ক্ষমতাও আশাব্যঞ্জক নহয়। ভাৰতীয়সকলৰ জীৱন-ধাৰণৰ মানদণ্ড নিম্ন মানৰ। বিশ্বৰ বহুতো দেশৰ জনমূৰি আয়ৰ তুলনাত আমাৰ দেশৰ জনমূৰি আয়ৰ হাৰ কম। আমাৰ দেশৰ এক বুজন সংখ্যক লোক এতিয়াও দৰিদ্ৰতাৰ সীমাৰেখাৰ তলতেই আছে। অধিকাংশ আয় একাংশৰ মাজত আছে। দেশৰ আধা সংখ্যক লোকে মুঠ সম্পদৰ ৯ শতাংশহে ভোগ কৰে। ইফালে। দেশখনৰ দুই তৃতীয়াংশ লোক কৃষিৰ ওপৰত নিৰ্ভৰশীল। আমাৰ দেশৰ জাতীয় আয়ৰ প্রায় ৩৮ শতাংশ কৃষিৰ পৰা আহে।


আমাৰ ভাৰতীয় অর্থনীতি এটা ডাঙৰ সমস্যা হৈছে দ্রুত হাৰত বাঢ়িবলৈ লোৱা জনসংখ্যাৰ হাৰ। এতিয়া চীনৰ পিছতেই জনসংখ্যাৰ ক্ষেত্ৰত ভাৰতৰ স্থান। ব্যাপক হাৰত বৃদ্ধি পোৱা জনসংখ্যাই জনসাধাৰণৰ জীৱন-ধাৰণৰ মানদণ্ডৰ ওপৰত অশুভ প্রভাব পেলাইছে। বৰ্দ্ধিত নিবনুৱা সমস্যা ভাৰতীয় অর্থনীতিৰ এক জলন্ত সমস্যা। নিয়োগৰ উপযুক্ত ব্যৱস্থা গঢ়ি নুঠাত দিনক দিনে নিবনুৱাৰ সংখ্যা বাঢ়ি আছে। ইয়ে ভাৰতীয় অর্থনীতিত কু-প্ৰভাৱ পেলাইছে। চৰকাৰে নিয়োগ নিশ্চিত আঁচনি লৈছে যদিও সেয়া আশাব্যস্থক নহয়। আমাৰ দেশৰ মূলধন গঠনৰ হাৰো নিম্ন। দেশখনৰ জলসম্পদৰ অৰ্হতা আৰু কাৰ্যদক্ষতাও নিম্নমানৰ। উপযুক্ত জনস্বাস্থ্য সেৱাৰ অভাৱত জনসাধাৰণে পুষ্টিহীনতায় ভোগে। ভাৰতৰ প্ৰযুক্তিবিদ্যাও আওপুৰণি। দেশখন কৃষিৰ ওপৰত নিৰ্ভৰশীল যদিও এতিয়া কৃষিখণ্ডত উন্নত প্রযুক্তিৰ প্ৰয়োগ হোৱা নাই।


১৯৯১ চনৰ পৰা চৰকাৰে উদাৰীকৰণ আৰু বিশ্বায়ন নীতি গ্ৰহণ কৰাৰ ফলত ভাৰতীয় অর্থনীতি বজাৰকেন্দ্ৰিক হৈ পৰিছে। ব্যক্তিগতকৰণৰ ফলত বজাৰৰ চাহিদা আৰু যোগানৰদ্বাৰা দেশীয় অর্থনীতি প্রভাবান্বিত হৈছে। জাতীয় আয় এখন দেশৰ অর্থনৈতিক অৱস্থাৰ দাপোণ। আমাৰ দেশৰ জাতীয় আয় সন্তোষজনক হৈ উঠা নাই। স্বাধীনতা লাভৰ পাছত আমাৰ দেশত অর্থনৈতিক পৰিকল্পনা প্ৰৱৰ্তন কৰা হয়। ভাৰতৰ পঞ্চবার্ষিক পৰিকল্পনাৰ যোগেদি জাতীয় আয় আৰু জনমূৰি আয় বৃদ্ধিৰ প্ৰচেষ্টা চলোৱা হৈছে যদিও এতিয়াও ই সন্তোষজনক হৈ উঠা নাই।


দেশৰ অৰ্থনৈতিক উন্নয়নৰ বাবে প্ৰাকৃতিক সম্পদ, জলসম্পদ আৰু মূলধনৰ প্রয়োজন। ভাৰতৰ মুঠ ভৌগোলিক এলেকাৰ প্ৰায়ু ২৩ শতাংশ বনাঞ্চলে আৱৰি আছে। ভাৰতে কিছুমান খনিজ সম্পদ ৰপ্তানিও কৰিব পাৰে। ভাৰতৰ অংগ ৰাজ্য অসম প্ৰাকৃতিক সম্পদত চহকী। অসমত সংৰক্ষিত বনাঞ্চল ২২ শতাংশ। বনজ আৰু খনিজ সম্পদতো অসম চহকী।


Next Post Previous Post
No Comment
Add Comment
comment url