কেৰিয়াৰৰ উপযোগী ব্যক্তিত্ব জিনি লওঁক


কেৰিয়াৰৰ উপযোগী ব্যক্তিত্ব


সাধাৰণতে এটি মাত্ৰ চাৰিত্ৰিক বৈশিষ্ট্যৰে ব্যক্তিৰ ব্যক্তিত্ব প্ৰকাশ কৰা হয় । ভাল, বেয়া, দুর্বল, সবল, নম্র, লাজুক ইত্যাদি। ব্যক্তিত্ব এক ধৰণৰ জটিল মনঃস্তাত্ত্বিক ধাৰণা, যাক সাধাৰণভাৱে প্ৰকাশ কৰাটো কঠিন। সাধাৰণতে ব্যক্তিৰ আকৃতি প্ৰকৃতি আৰু ব্যৱহাৰ চায়েই ব্যক্তিত্ব নিৰ্ধাৰণ কৰা হয় বা ব্যক্তিত্বক প্রকাশ কৰা হয়।

কর্ম ক্ষেত্ৰতো বিভিন্নজনৰ ব্যক্তিত্ব বিভিন্ন ধৰণৰ হয়। কোনোবাই প্রচণ্ড শ্রম কৰিব পাৰে, কোনোবাই আকৌ কষ্টসাধ্য কাম একেবাৰে কৰিব নোৱাৰে। কৰ্মক্ষেত্ৰৰ লগত ব্যক্তিত্বৰ মিলন ঘটোৱাই হ'ল কেৰিয়াৰ গাইডেন্সৰ উপযোগিতা। কেৰিয়াৰ বিশেষজ্ঞসকলে 'Personalitiy Job Fitness Theory' শীর্ষক এক তত্ত্বৰ জৰিয়তে ছয়া ধৰণৰ ব্যক্তিত্ব আৰু তাৰ উপযোগী কেৰিয়াৰ বা বৃত্তি নির্বাচন কৰিছে। সংক্ষেপে সেয়া তলত দিয়া হৈছে। কেৰিয়াৰ নিৰ্বাচনৰ প্ৰসংগত সিদ্ধান্ত লোৱাত ই আপোনাৰ সহায়ক হ'ব বুলি আমাৰ বিশ্বাস।

(১) যান্ত্রিক ব্যক্তিত্ব (The Mechanical Personality) : এনে ব্যক্তিত্বৰ ব্যক্তি অতি উদ্যোগী হয়, প্রচণ্ড পৰিশ্ৰম কৰিব পাৰে। এওঁলোকে বিচাৰে দক্ষতা, শক্তি আৰু সমন্বয়। এনে ব্যক্তিত্বৰ অধিকাৰীসকলে সাধাৰণতে ইঞ্জিনিয়ারিং, টেকনিকেল আৰু মেকানিকেল কাম পছন্দ করে।

(২) অনুসন্ধানী ব্যক্তিত্ব (Investigative Personality) । যি কেৰিয়াৰ বা বৃত্তিত অনুভৱ (feeling) বা আবেগতকৈ (emotion) চিন্তা, সংগঠন আৰু বুজাপৰা (understanding) আছে, তেনে কেৰিয়াৰ এনে ব্যক্তিত্বৰ অধিকাৰীসকলে পছন্দ কৰে। এওঁলোক বৈজ্ঞানিক মনোভাবাপন্ন, উচ্চ শিক্ষাৰ অন্তত গৱেষণামূলক কাম-কাজত এনে ব্যক্তিত্বৰ অধিকাৰীসকলে বিশেষ সুফল দেখুৱাব পাৰে।

(৩) সামাজিক ব্যক্তিত্ব (Social Personality): এনে ব্যক্তিত্বৰ অধিকাৰীসকলে মানুহৰ স'তে মিলা-মিচা কৰি ভাল পায়। এওঁলোকে বুদ্ধি বৃত্তি (intellectual) বা শাৰীৰিক কাম-কাজতকৈ, যি কামত মানুহৰ লগত অধিক মিলা-মিচা কৰিবলগীয়া হয়, তেনে কাম অধিক পছন্দ কৰে। যিকোনো ধৰণৰ কেৰিয়াৰ এওঁলোকৰ বাবে উপযোগী যদিও আন্তর্জাতিক কাম-কাজ (International Affairs), সাংবাদিকতা বা বৈদেশিক সেৱাৰ (Foreign Service) বৃত্তিত এওঁলোকে বিশেষ সফলতা লাভ কৰিব পাৰে।

(৪) সাধাৰণ ব্যক্তিত্ব (Conventional Personality) : এনে ব্যক্তিত্বৰ অধিকাৰীসকলে নিয়ম মানি কাম কৰিবলৈ ভাল পায়। ফিনান্স, একাউনটেন্সি, বেংকিং আদিৰ কেৰিয়াৰ এওঁলোকৰ বাবে উপযোগী।

* উচ্চাভিলাষী ব্যক্তিত্ব (Enterprising Personality) : এনে ব্যক্তিত্বৰ অধিকাৰীসকলে আনক প্রভাবিত কৰিব পাৰে। এওঁলোক সাধাৰণতে সদায় ক্ষমতা আৰু সন্মানৰ অভিলাষী। প্ৰশাসনীয় চাকৰি, আইন, জনসংযোগ, বিজনেছ মেনেজমেন্ট আদিব কেৰিয়াৰ এওঁলোকৰ বাবে উপযোগী।

(৬) শৈল্পিক ব্যক্তিত্ব (Aritistic Personality) এনে ব্যক্তিত্বৰ অধিকাৰীসকলে নিজকে প্ৰকাশ কৰিব খোজে (Self Expression)। আবেগপূর্ণ কাম কৰি ভাল পায়। এওঁলোকে অংকন, ড্রইং, পেইন্টিং, গীত-মাত, অভিনয় আদিক কেৰিয়াৰ হিচাপে গ্রহণ কৰিলে উন্নতি কৰিব পাৰে।

Related Topic: অসমৰ খবৰ 

নিজকে ভালদৰে চিনি পোৱাৰ পিছত ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন কিতাপ-পত্র, বিভিন্ন বাতৰি কাকত, আলোচনীত প্ৰকাশিত 'কেৰিয়াৰ ইনফৰমেচন 'বোৰ নিয়মিত পঢ়ি, বিভিন্ন কর্মক্ষেত্ৰত অভিজ্ঞতা থকা ব্যক্তিৰ লগত আলোচনা কৰিবলৈ ল'লে কেৰিয়াৰ নিৰ্বাচনৰ জালি প্ৰসংগটো ক্রমাৎ সহজ হৈ আছে। সেয়ে কেৰিয়াৰ নিৰ্বাচনৰ ক্ষেত্ৰত ছাত্র ছাত্রীয়ে খন থেদা কৰা উচিত নহয়। এইটো এদিনতে লোৱা সিদ্ধান্ত নহয়। কেৰিয়াৰ নিৰ্বাচন জীৱনৰ সৈতে গভীৰভাৱে জড়িত এটা প্ৰসংগ। সেয়ে নিজকে চিনি, নিজকে বুজি আৰু সাম্প্রতিক কর্ম সংস্থানৰ জগতখনৰ পৰিৱেশ পৰিস্থিতি চাই বীৰে-সুস্থিৰে কিন্তু দৃঢ়ভাবে কেৰিয়াৰ নিৰ্বাচনৰ সিদ্ধান্ত লোৱা উচিত।

Also Read: খেলৰ খবৰ





আমাৰ বিজ্ঞাপন কোনো ব্যক্তিগত প্ৰতিস্থান বা চৰকাৰী ভাবে প্ৰকাশিত বিজ্ঞাপন নহয়। সঠিক তথ্য অনুসৰি প্ৰকাশিত বিজ্ঞাপনৰ মূল আধাৰত প্ৰচাৰিত কৰা হৈছে। আপোনাৰ কোনো ধৰণৰ Query বা অভিযোগ উপস্থাপন কৰিবলৈ আমাৰ editor ৰ লগত যোগাযোগ কৰিব পাৰে অথবা Contact Us ত দাখিল কৰক।{alertSuccess}

Next Post Previous Post
No Comment
Add Comment
comment url