প্ৰাণী জগতত জন্ম নিয়ন্ত্ৰণ

Animals Birth rate Controle



প্ৰকৃতিৰ বুকুত জন্ম-নিয়ন্ত্রণ নতুন কথা নহয়। সৃষ্টিৰ আদিৰেপৰাই, বালিচাহীৰপৰা গজহস্তীলৈকে সকলো প্ৰাণীৰ ক্ষেত্ৰতে জন্ম নিয়ন্ত্ৰণৰ কিবা নহয় কিবা এটি ব্যবস্থা চলি আহিছে। সেয়েহে জন্ম-নিয়ন্ত্ৰণৰ সমস্যাই আমাক যেনেকৈ বিপদত পেলাইছে.. তেনেকৈ প্ৰাণী-জগতক পেলাব পৰা নাই।


চিদনি বিশ্ববিদ্যালয়ৰ লিগেৱেৰেটন নামৰ এজন জীৱবিদে ১৯৬৩ চনত কেইটামান পঁইতাচোৰা লৈ এটা গৱেষণা চলাইছিল। তিনিটা সমান জোখৰ আইনাৰ বাকচত সমান সমান ওজনৰ ময়দা ৰাখি প্ৰথমটোত দহোটা, দ্বিতীয়টোত ১০০ টা আৰু তৃতীয়টোত ১,০০০ টা পঁইতাচোৰা পুহিছিল। কেইদিনমানৰ মূৰত দেখা গ'ল যে সিহঁতে সংখ্যা নির্বিশেষে তিনিওটা বাকচতে সমান সমান কণী পাৰিছে। সিহঁতৰ সংখ্যা অনুপাতে কণী পৰা হ'লে প্ৰথমটোতকৈ দ্বিতীয়টোত আৰু দ্বিতীয়টোতকৈ তৃতীয়টো বাকচত বেছি কণী পাৰিব লাগিছিল। বহুত দিন ধৰি জীৱবিদসকলৰ এটা ধাৰণা আছিল যে পঁইতাচোৰাবিলাকে সিহঁতৰ সন্মুখত থকা খাদ্যৰ পৰিমাণ অনুসৰিহে কণী পাৰে। বহুতে আকৌ ভাবে যে পঁইতাচোৰাবিলাকে বেছিকৈ কণী পাৰিলে, তাৰে কিছুমান খাই পেলায়। কিন্তু ব্ৰেৰেটনৰ পৰীক্ষাই এই সকলো ধাৰণা ওলট- পালট কৰি দিলে।


মাইকী পঁইতাচোৰাৰ অৱশ্যে জন্ম-নিয়ন্ত্ৰণৰ আৰু এপটি অস্ত্র আছে। সেয়া হ'ল— পোৱালি জগাব নোৱাৰা কণী পৰা। কণীও পাৰিলে, অথচ পোৱালিও নজগিল। মিতিৰো ৰল আৰু চাউলো সিজিল। এনেধৰণৰ কিবা ব্যৱস্থা এটা আমাৰো কৰি ল'ব পৰা হ'লে মানব সমাজ বহুত উপকৃত হ'লহেঁতেন।


লিগেৱেৰেটনৰ গৱেষণাৰ পিছে পিছে আমেৰিকাতো তিনিজন বিজ্ঞানীয়ে প্রাণী-জগতৰ জন্ম-নিয়ন্ত্রণ সম্পর্কে অধ্যয়ন কৰাত নিগনিৰ বিষয়ে পৰীক্ষা লাগি গ'ল। তেওঁলোক হ'ল অধ্যাপক খ্ৰীষ্টিয়ান, বেটক্লিফ আৰু চিনদাৰ। তেওঁলোকৰ প্ৰাণী হ'ল নিগনি। ৩২টা সমান সমান ডাঙৰ সঁজাত এফালৰপৰা প্ৰথমটোত এযোৰ


Related Topic: Educational Material Website 


দ্বিতীয়টোত দুযোৰ আৰু সেই অনুপাতে শেষৰটোত বত্ৰিশযোৰ নিগনি পুহিব ধৰিলে। কিছুদিনৰ মূৰত লক্ষ্য কৰাত দেখা গ'ল যে প্রথমটোত জগা পোৱালিৰ সংখ্যা বাকীবিলাকত জগাৰ অনুপাতে বেছি। সেইদৰে দ্বিতীয়টোত জগা পোৱালিৰ সংখ্যা তৃতীয় টো বা তাৰ পাছৰ সঁজাবিলাকত জগাৰ অনুপাতে বেছি। ইয়াৰপৰা এয়ে বুজা গ'ল যে জাকত থকা প্ৰাণীয়ে অকলশৰীয়াকৈ থকা প্ৰাণীৰ তুলনাত কম পোৱালি দিয়ে। তদুপৰি জাকত প্ৰাণীৰ সংখ্যা বঢ়াৰ লগে লগে পোৱালিৰ সংখ্যা কম হয়। অধ্যাপক খ্ৰীষ্টিয়ানে সৰহীয়াকৈ থকা সঁজা এটাৰপৰা কেইটামান নিগনি লৈ পৰীক্ষা কৰি দেখিলে যে ইহঁতৰ 'কটিক চাৰনেল' নামৰ গ্ৰন্থিটো হিচাপতকৈ বহুত বেছি বাঢ়িছে। ফলত প্রজনন ক্ৰিয়াৰ কাৰণে যিখিনি 'হৰমোন' লাগে সেইখিনি পোৱা নাই আৰু প্ৰজননত বাধা পৰিছে। এই একে কাৰণতে জাকত থকা মাইকী নিগনিবিলাকৰ ডিম্বকোষ আৰু স্তনবিলাকো নিয়মমতে পৰিপুষ্ট নহয়। জাকৰুৱাকৈ থকা সঁজাবিলাকত নিগনিৰ সংখ্যা কমাই দিয়াত দেখা গ'ল যে সিহঁতে পুনৰ নিয়মিত ভাবে পোৱালি দিবলৈ আৰম্ভ কৰিছে।

উত্তৰ আফ্ৰিকাত থকা এজাত ফৰিঙৰ ওপৰতো বিজ্ঞানীসকলৰ চকু পৰিল। সিহঁতৰ কিছুমানৰ গাৰ বৰণ সেউজীয়া আৰু কিছুমানৰ মুগা । দুয়োবিধকে দেখাত বেলেগ বেলেগ জাত যেন লাগিলেও সিহঁত আচলতে

ফনিঙৰ ওপৰত গৱেষণা একে জাতৰহে। সাধাৰণ অৱস্থাত গোটেইজাক

ফৰিঙেই সেউজীয়া হৈ থাকে। কিন্তু চাহাৰা মৰুভূমি পাৰ হৈ যুৰোপ আদিলৈ ভ্ৰমণ কৰাৰ আগে আগে সকলো ফৰিং দলবান্ধি সাজু হয় আৰু তেনে অৱস্থাতে ভ্ৰমণকাৰী দলটোৱে গাৰ বৰণ মুগা কৰি পেলায়। মুগা হৈ পৰাৰ লগে লগে সিহঁত জনন কাৰ্যৰ অনুপযোগী হয় আৰু আওপকীয়াভাৱে জন্ম-নিয়ন্ত্ৰণত সহায় কৰে।

উত্তৰৰ দেশসমূহত থকা লেমিং নামৰ এজাত এন্দুৰ জাতীয় প্ৰাণীৰ জন্ম- নিয়ন্ত্রণ প্রথা অতি অভিনৱ। সিহঁতৰ সংখ্যা যেতিয়া বেছি ৰকমে বাঢ়ে তেতিয়া আত্মহত্যা কৰিও জাতিটো ৰক্ষা কৰে।  জাকে জাকে লেমিং সাগৰৰ পিনে দৌৰে আৰু সাগৰত জঁপিয়াই মৰে। ১৮৮৬ চনত আমেৰিকাত হাজাৰ হাজাৰ কেৰ্কেটুৱাই নদীত জাঁপ দি মৃত্যুবৰণ কৰা দেখা গৈছিল। কাৰণ বিচাৰি পোৱা গ'ল যে সেই বছৰ আমেৰিকাত কেৰ্কেটুৱাৰ সংখ্যা খুব বেছি ৰকমে বৃদ্ধি পাইছিল আৰু বোধহয় তাৰ ফলতেই জাতিটোক বচাবৰ কাৰণে কিছুমান কেৰ্কেটুৱাই আত্মহত্যাকে আদৰি ল'লে। নিজ জাতিৰ কাৰণে কৰা




Also Read:  খবৰ


ত্যাগৰ হ'লে আমি ইমানদিনে মানুহৰ কথাই ভাবি আছিলো পাছে যি দেখা গৈছে, প্রাণী জগতত থকা ত্যাগৰ উদাহৰণ আমাতকৈ বহুত বেছি।


প্রাণী জগতত প্ৰজননৰ কাৰণে একোটা নির্দিষ্ট সময় থাকে। বছটোৰ বাৰ মাহ বা দিনটোৰ সকলো সময়তে সিহঁতৰ মিলন নহয়। মিলনৰ নিৰ্দিষ্ট সময় থকাৰ


কারণে প্রজননো নির্দিষ্ট সময়তহে হয়। প্রাণীৰ ক্ষেত্ৰত জন্ম নিয়ন্ত্ৰণৰ ইয়ো এক উপায় বুলিয়েই ধৰিব পাৰি। বহুতো পরভোজী প্রাণীয়ে সাধাৰণতে, দুটা ভিতৰত বাস কৰে। যেনে মেলেৰিয়াৰ জীৱাণু ম'হ আৰু মানুহ দুয়োকে প্যাড থাকে। এনে ক্ষেত্ৰত এটা প্ৰাণীৰপৰা আন এটা প্রাণীলৈ যাওঁতে বাটতে বহুতো কণী আৰু পোৱালি নষ্ট হয়। জন্ম নিয়ন্ত্ৰণৰ ইয়ো এক আওপকীয়া উপায়েই। পৃথিৱীত বহুতো প্রাণী আছে যিবিলাক স্বভোজী। ইহঁতে নিজৰ জাতৰ প্রাণীকে খায়। কুকুর আদিয়ে বেছিকৈ পোৱালি জগালে—তাবে একোটা খাই পেলায়। তদুপৰি মাংসহাৰী প্রাণীবিলাকে বহুতো প্ৰাণীৰ জনসংখ্যা প্রতি মুহূর্ততে কমাই আছে। আনহাতে বেমাৰ-আজাব, খাদ্যাভাব আদিয়েও নিতৌ একো একোটা জাতিক জুরুলা। কৰিছে।


প্ৰজননৰ নির্দিষ্ট সময়


আমেৰিকাৰ জীৱবিদ অধ্যাপক জে. মেছাৰ মতে অধিক ঘনবসতি হ'লে। পঁইতাচোৰাৰ দৰে মানুহৰ ক্ষেত্ৰতো কৰটিক চাৰনেল গ্রন্থি বাঢ়ে আৰু প্ৰজনন ক্রিয়াত বাধা দিয়ে।


আকৌ আন এদল বিজ্ঞানীয়ে কয় যে খাদ্যাভারত থাকিলে তিৰোতাৰ প্ৰজনন শক্তি বাঢ়ে আৰু সৰহসংখ্যক ল'ৰা-ছোৱালীৰ জন্ম হয়। ভাৰতবৰ্ষ, চীন আৰু তেনে খাদ্যাভারত পৰা দেশসমূহৰ বহুল জনসংখ্যা সম্বন্ধে এই মতবাদটি অবশ্যে গ্রহণ কৰিব পাৰি।


সীমিত আহাৰ আৰু আমাৰ কাৰণেই জনসংখ্যাৰ সমস্যাই মানুহ জাতিটোক বিপদত পেলাইছে। আধুনিক চিকিৎসাবিদ্যাৰ সহায়ত মৃত্যু নিয়ন্ত্রণ নোহোৱা হ'লে জন্ম-নিয়ণ নকৰিলেও জন্ম-নিয়ণ হয়তো কিছু পৰিমাণে হ'লহেঁতেন। প্রাণী- জগতত চিকিৎসাবিদ্যাও নাই— পৰিয়াল পৰিকল্পনাৰ কেন্দ্রও নাই। তেওঁলোকৰ পৰিয়াল পৰিকল্পনাৰ আঁচনিখনৰ গৰাকী হ'ল প্ৰকৃতি।




আমাৰ বিজ্ঞাপন কোনো ব্যক্তিগত প্ৰতিস্থান বা চৰকাৰী ভাবে প্ৰকাশিত বিজ্ঞাপন নহয়। সঠিক তথ্য অনুসৰি প্ৰকাশিত বিজ্ঞাপনৰ মূল আধাৰত প্ৰচাৰিত কৰা হৈছে। আপোনাৰ কোনো ধৰণৰ Query বা অভিযোগ উপস্থাপন কৰিবলৈ আমাৰ editor ৰ লগত যোগাযোগ কৰিব পাৰে অথবা Contact Us ত দাখিল কৰক।{alertSuccess}



Next Post Previous Post