ব'ৰাগী নদীৰ ঘাট

 ব'ৰাগী নদীৰ ঘাট



এটা অঞ্চলৰ কথা


মিচেছ খাপ্পা নামৰ মানুহগৰাকী এই চুবুৰিটোত নতুন যদিও মাত্র কেইসপ্তাহমানৰ ভিতৰতে তেওঁৰ প্ৰসংগই যি খলকনি তুলিলে সেয়া এই চুবুৰিত নতুন স্বাদ। এটা মধ্য আৰু নিম্নবিত্তৰ অঞ্চল। মহানগৰীখন অতিকায় অক্টোপাছৰ দৰে ওঁৰ মেলি যেনি-তেনি বাঢ়ি গৈছে। আজি দহ বছৰ আগলৈকে এই অঞ্চললৈ গাড়ী-মটৰ তেনেকৈ নাহিছিলেই। ব্ৰহ্মপুত্ৰ নদীখন ওচৰৰে বৈ গৈছে। খৰালি মহানগৰীৰ মানুহ পিকনিক খাবলৈ অহা আৰু নৈৰপৰা বালি আৰু মাটি নিবলৈ অহা ট্রাকৰ বাহিৰে গাড়ী-মটৰৰ শব্দই নাছিল।


শান্ত-নিৰিবিলি এটা সেউজীয়া পৰিৱেশ। বহুবছৰ আগতে তাত গর্ডন চাতাবৰ চাত বাগিচা এখন আছিল। পিছে তেওঁ বঙলাতে এদিন মৰি পৰি আছিল। তাৰ পিছত বাগিচা চলাবলৈ কোনো নোলাল। গর্ডন চাহাবৰ বংশ-পৰিয়াল বিদেশত। বাগিচাৰ কলঘৰ, মেচিন জহি-খহি নোহোৱা হ'ল। যিবোৰ চুৰি কৰি বেচিব পাৰি, সেয়া বাগিচাৰ মানুহে বেচিলে। চাহাবৰ বঙলাটো মাত্র সাক্ষী ৰ'ল এই দুৰৱস্থাৰ। বঙলাটোৰো বহু বস্তু চুৰি হ’ল। মাত্র বাথৰূমৰ প্ৰকাণ্ড বাথ টাবটো, বেছিন, কমোদ আৰু ৰান্ধনিঘৰৰ ডাঙৰ হাতে সজা অ'ভেনটোৰ বাহিৰে চকী-মেজ একো নাইকিয়া হ'ল। কথাবোৰ লুকাই নাথাকিল। বাগিচাৰ মাইকী-মহৰীৰ ঘৰত দেখা গ'ল প্ৰকাণ্ড মেহগনি কাঠৰ বেলজিয়াম দাপোণখন। বৰবাবুৰ ঘৰত দেখা গ'ল ৰেঙুন টিক্‌উডৰ বৃহৎ ডাইনিং টেবুলখন। বৰবাবুৰ ঘৰৰ কোঠালিত সেই ডাইনিং টেবুল নোসোমালত বৰবাবুৱে বাৰাণ্ডাৰ লগতে আৰু এখন চালি দি ডাইনিং টেবুলখন থ'লে। বৰবাবুৱনীয়ে নক্সা কটা টেবুলখনৰ ওপৰত ডাঙৰ ডলাখনত পিঠাগুৰি শুকাবলৈ দিয়ে আৰু আমলখি-জলফাইৰ আচাৰৰ বটলকেইটাও ৰ'দত দিবলৈ সুবিধা পায়। টেবুলৰ লগৰ চীনা মিস্ত্ৰীয়ে নক্সা কটা চকীকেইখন চ'ৰাঘৰত পাতি বৰবাবুৱনী গপত গংগাটোপ হৈ ফুৰিল কিছুদিন। লাহে লাহে এই এৰালপৰীয়া বাগিচাৰ চাৰিওফালে বাগিচাৰ মানুহবোৰে ঘৰ সাজিলে। দখল কৰি যেয়ে যেনেকৈ পাৰে মাটি ল'লে। তাৰ মাজতে আকৌ স্বয়ম্ভূ মাটি মালিক কিছুমানো ওলাল। সিহঁতে মহানগৰখনত স্থায়ী বাসিন্দা হ’বৰ বাবে মাটি বিচাৰি ফুৰা মানুহবোৰক মাটি দেখুৱাই কেঁচা ৰচিদ দি বিক্ৰী কৰিলে। এনেকৈয়ে ঠাইখনলৈ মানুহৰ প্ৰব্ৰজন ঘটিল।


চাওঁতে চাওঁতে তাত থকা বাগিচাৰ পুৰণা মজদুৰ আৰু স্থানীয় দেউৰী মানুহখিনি লগ হৈ দুর্গা পূজা পাতিবলৈ ল’লে। দুদিনমান পাছতে সপোনত দেখা শিৱ মূর্তি এটাও


বেলগছৰ তলত সন্ধান পালে। তাতো মন্দিৰ এটা হ'ল। মন্দিৰ বুলিলেই হাত উজান দিয়ে সকলোৱে। মাটিৰ দালাল চন্দন শৰ্মাই ত্রিশূল এডাল দান দিলে। কিন্তু তাৰ পাছতে এটা ডাঙৰ ঘটনা ঘটিল। চন্দন আৰু নতুন মাটিৰ দালাল জগত সিঙৰ মাজত নিশা মদ খাই হোৱা মাৰ-পিটত চন্দনে বেয়াকৈ আঘাত পালে। দুদিন হাস্পতালত থাকি চন্দন মৰিল। বহুতেই ক'লে – ত্রিশূলত দোষ লাগিল। মহাদেৱে সংহাৰী নিলে। চন্দনে ত্রিশূল গঢ়াই শিৱক দান দিয়াৰ অন্তৰালৰ কথাবোৰ চন্দ্ৰনৰ মৃত্যুৰ পিছতে জয়াল কাহিনী হৈ মুখে মুখে বাগৰিল। ত্রিশূলপাট ওচৰৰে গিৰীন দাসৰ গেৰেজত চন্দনে সাজিবলৈ দিছিল। লোহাৰ ৰডৰ ওপৰত ৰূপৰ পাট মেৰিয়াই দিছিল বাবন সৰকাৰ নামৰ সোণাৰীটোৱে৷ পিছে চন্দনে পইচা নিদিয়াকৈ কাম কৰোৱাৰ অভ্যাসমতেই, ত্রিশূলপাটো শিৱক দিবলৈ লৈ গৈছিল। বাবা সৰকাৰে তেতিয়াই পইচা খুজি ক'লে – 'ভগৱানৰ কামত


বাকী কৰিব নাপায়। পইচা দিয়ক।' চন্দনে ধমকি মাৰিলে। পিছে বাবনেও নেৰিলে। চন্দনৰ বিয়াৰ অলংকাৰ গঢ়াৰ পইচা বাবনক আধা দিবলৈয়ে আহিলে। সকলো কাম পইচা নোহোৱাকৈ সি কৰিব নোৱাৰে। খঙতে বাবনে চিঞৰিয়েই ক'লে কথাবোৰ। 

Next Post Previous Post
No Comment
Add Comment
comment url