কবিতা: স্বপ্নত বিভোৰ
স্বপ্নত বিভোৰ
~কমলা কান্ত ৰেগন।
সপোন এটি বহু দূৰ,
তুমি হাস্যময়ী, তুমি ৰহস্যময়ী আৰু,
আৰু তুমি বৰ আবেগিক জানা!
তোমাৰ নিস্বাৰ্থ মৰমৰ আলফুল কাহিনীত
নিজকে সঘনাই সপো,
তথাপিও ব্যৰ্থ আজি তোমাক পোৱাৰ হেঁপাহৰ বাটত।
প্ৰভাতৰ কিৰণ ভেদি মোৰ দুচকুত পৰে 
তোমাৰ ওঠত বৰশী ৰোৱা হাঁহিৰ পৰশ,
দুটি নয়নে বিৰিঙি উঠাই সুখৰ বতৰা...
উফহ্, এতিয়া!
এতিয়া, মন মোৰ নিভাজ প্ৰণয়ৰ ৰাগিত।
সচাঁকৈ তুলনা বিহীন,
তোমাৰ নামে  উপচাই তোলা মোৰ এই জীৱনৰ সাতোৰঙী সপোন।।
Romantic Poems By Kk 
New: Comming soon
 
 
 
Superb, keep it up