ভাৰতীয় অসামৰিক সেৱাৰ প্রতিযোগিতামূলক পৰীক্ষা আৰু ইয়াৰ ওপৰত জানিবলৈ ...

ভাৰতীয় অসামৰিক সেৱাৰ প্রতিযোগিতামূলক পৰীক্ষা



যিকোনো উন্নতিশীল ৰাষ্ট্ৰ আৰু সমাজৰ প্ৰগতিৰ স্তম্ভ হ'ল তাৰ প্ৰশাসকসকল। ৰাষ্ট্ৰক উন্নতি আৰু স্বনিৰ্ভৰতাৰ দিশলৈ আগুৱাই দিয়াৰ পৰিকল্পনা কৰা আৰু সেই পৰিকল্পিত লজ্জলৈ আগবঢ়াৰ সঠিক পথ নিৰ্বাচন কৰাই হ'ল প্রশাসকসকলৰ ঘাই কাম। সেয়েহে ৰাজতন্ত্র, গণতন্ত্র, প্রজাতন্ত্র, ক'তোরেই প্রশাসকসকলৰ মৰ্যাদা অস্বীকাৰ কৰিব নোৱাৰি। আধুনিক বিশ্বত বিজ্ঞানী আৰু প্ৰযুক্তিবিদসকলৰ লগতে সুদক্ষ প্রশাসকসকলকো ৰাষ্ট্ৰ নিৰ্মাণৰ একোজন বিশিষ্ট কাৰিকৰৰূপে গণ্য করা হয়।


আমাৰ দেশত সৰ্বভাবতীয় স্তৰত অনুষ্ঠিত এক প্রতিযোগিতামূলক পৰীক্ষাৰ জৰিয়তে এনে দক্ষ প্রশাসকক নির্বাচন করা হয়। কেন্দ্রীয় লোকসেৱা আয়োগে পৰিচালনা কৰা এই গুৰুত্বপূৰ্ণ পৰীক্ষাৰ্থীৰ নাম ভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষা (Indian Civil Services Examination)। ভাৰতীয় প্রশাসনিক সেৱা (Indian Administrative Service, সংক্ষেপে IPS, সংক্ষেপে IAS), ভারতীয় বৈদেশিক সেৱা (Indian Foreign Service, সংক্ষেপে IFS), ভারতীয় আৰক্ষী সেবা (Indian Police Service, সংক্ষেপে IPS) আদিৰ দৰে গুৰুত্বপূৰ্ণ সম্মানজনক তথা আকর্ষণীয় সেৱা/পদবীত বিভিন্ন প্রশাসনিক পদাধিকাৰীক এই সৰ্বভাৰতীয় পৰীক্ষাৰ ফলাফলৰ মাধ্যমতেই নিয়োগ করা হয়।


• শিক্ষাগত অর্হতা আৰু বয়স সীমা -


ভাৰতীয় অসামৰিক সেৱাৰ এই পৰীক্ষা দিবলৈ হ'লে প্ৰাৰ্থীৰ ন্যূনতম শিক্ষাগত অৰ্হতা স্নাতক হোৱা আবশ্যক। চূড়ান্ত পরীক্ষাত অবতীর্ণ প্রার্থীয়ে চর্তসাপেক্ষে এই পৰীক্ষা দিব পাৰে।

এই পরীক্ষা দিবলৈ হ'লে প্ৰাৰ্থীৰ বয়স বিজ্ঞাপিত বছৰৰ ১ আগষ্টত ২১ বছৰৰ পৰা ৩২ বছৰৰ ভিতৰত হোৱা আৱশ্যক। অনুসূচিত জাতি/জনজাতিৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত বিধি অনুসৰি বয়স ৰেহাইৰ ব্যৱস্থা আছে।

 • পৰীক্ষা পদ্ধতি -


ভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষা দুই প্রধান স্তৰত বিভক্ত: (১) প্ৰাৰম্ভিক পৰীক্ষা (Preliminary Examination)। সম্প্রতি এই পরীক্ষাকচিভিল চাৰ্ভিচ এপটিটিউড টেষ্ট (Civil Service Aptitude Test) হিচাপে নামাকৰণ কৰা হৈছে। (২) মুখ্য পৰীক্ষা (Main Examination)। মুখ্য পৰীক্ষাৰ লগতে মৌখিক সাক্ষাৎকাৰো লোৱা হয়।


• পৰীক্ষাৰ বিষয়ে -

প্রিলিমিনেৰী বা প্ৰাৰম্ভিক পৰীক্ষা : এয়া এক লিখিত পৰীক্ষা। ইয়াত সাধাৰণ জ্ঞান আৰু যিকোনো এটা বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হয়। এই দুখন কাকত হ'ল–

Next Post Previous Post
No Comment
Add Comment
comment url