প্ৰাণী সমাজত জ্যোতিষী কি দৰে আগ জাননী প্ৰদৰ্শন কৰে

 


ভেকুলীয়ে টোটোৰাই মেঘদেৱতাক স্তুতি কৰে বৰষুণ দিবলৈ। উইচিৰিঙা ওলালে,পানীপিয়া চৰায়ে ‘পানী পিউ’ ‘পানী পিউ' বুলি চিঞৰিলে, পানীৰ ওপৰত সৰু সৰু মাছে জঁপিয়ালে বৰষুণৰ সম্ভাৱনা থাকে বুলি কয়। বহুত দিন ধৰি বৰষুণ হোৱাৰ পাছত ঝিঁলিয়ে চিঞৰিলে আৰু শিয়ালে বেছিকৈ হোৱা দিলে পাছদিনা ৰ'দ দিব বুলি সকলোৱে আশা পালি থাকে।


(Ads)

 এইবিলাক মানুহৰ অভিজ্ঞতাভিত্তিক বিশ্বাস আৰু এই বিশ্বাসৰ কিছু পৰিমাণে হ'লেও সত্যতা নোহোৱা নহয়। প্রাণী সমাজত দা-দক্ষিণা নিবিচৰা এনে জ্যোতিষ মঙলতী অনেক আছে যি সময়মতে বিভিন্ন বিপদ আপদৰ আগতীয়া সংকেত দি মানুহক সাৱধান কৰি ৰাখে।


(Ads

❄️ এগৰাকী বৃদ্ধাই ৰাস্তাৰ কুকুৰ এটাকে পোহনীয়া কৰি লৈছিল। কুকুৰটোৱে বৃদ্ধাগৰাকীকে গিৰিহঁত বুলি ভাবি গোটেই দিনটো তাইৰ পিছে পিছে ফুৰিছিল আৰু ৰাতি হ'লে বৃদ্ধা থকা পঁজাটোৰ বাহিৰতে আশ্রয় লৈছিল। এদিনাখন হঠাতে কুকুৰটোৱে মাজৰাতিৰপৰা ৰাতিপুৱালৈকে চিঞৰিবলৈ ধৰিলে। একে ধৰণেৰে আৰু একে সময়তে কুকৰটোৱে তিনিদিন ধৰি চিঞৰিলে। কুকুৰটোৰ চিঞৰ বন্ধ কৰিবলৈ বৃদ্ধা ।


 গৰাকীৰ বাদেও ওচৰ-চুবুৰীয়াই চেষ্টা চলালে ; কিন্তু সি চিঞৰিয়েই থাকিল। চতুর্থদিনা দেখা গ'ল যে বৃদ্ধাগৰাকী ভিতৰতে মৰি আছে। মৰণোত্তৰ পৰীক্ষা কৰি পোৱা গ'ল যে মানুহগৰাকীৰ হৃৎপিণ্ডৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হৈছে। ওচৰচুবুৰীয়া সকলোৱে আচৰিত হ'ল—যে কুকুৰটোৱে এইকথা তিনিদিনৰ আগতেই কেনেকৈ গম পালে? বহুতো প্রভুভক্ত কুকুৰে নিজৰ গিৰিহঁত মৰিলে মৰাশটোৰ চাৰিওফালে চিঞৰি চিঞৰি আনক চুবলৈ নিদিয়া ঘটনাৰ দৃষ্টান্ত অনেক আছে।





Next Post Previous Post
No Comment
Add Comment
comment url