মোৰ প্ৰেমৰ অভিশপ্ত ক্ষণ

 


প্ৰশ্ন উঠে, প্ৰেমৰ সম্পৰ্কত কোনে কি বিচাৰে?

যাৰ বাবে সকলো এৰি তোমাৰ মৰমৰ বুৰ গৈ আপোন কৰাৰ প্ৰয়াসত নিজকে হেৰুৱাই পেলোৱা হ্য় তাৰ পিছতো কিয় প্ৰেমৰ দৃষ্টি আকৰ্ষণে কেৱল ক্ষণস্থায়ী আৰু মিচা বোৰকে সাবটি লয়! মাৰ মৰম নেওচি তোমাৰ মৰমত মতলীয়া হৈ সৰ্গ বিচাৰি মাতাল আছিল মোৰ এই হৃদয়ৰ আৰত থকা ৰঙীণ অনুভৱ বোৰ। 



কিন্তু অজানিতে তোমাক পোৱাৰ বাটত উভতি অহাৰ বাটো হেৰুৱালো। এতিয়া মই যাযাবৰী জীৱনৰ অচিন বাটৰ বাটৰুৱা, ঠিকনা বিহীন প্ৰেমৰ ভিক্ষুক।



তুমি কি বুজিবা, আনে কি বুজিব! য'ত হেৰুৱাৰ কোনো ভয় নাই আৰু হেৰুৱাব লগীয়া একোৱেই নাই। অৰ্থহীন মোৰ প্ৰণয়ৰ নিভাজ মৰম, য'ত কোনো অস্তিত্ব নাই, আদৰ নাই। অলৌকিক শক্তি এই প্ৰেমনামৰ অনুভৱৰ দলিচা যাৰ পৰশ পাই হেৰুৱাই পেলাও এই মুৰুখৰ জ্ঞানৰ চমক । আধৰুৱা স্বপ্নত বিভোৰ দিনে নিশাই এই ঠুনুকা হৃদয়ৰ গৰাকী।।




পৰিত্যক্ত প্ৰেমিক চাগৈ এতিয়া তোমাৰ ভাষাত ।

অচিনাকি বাটৰুৱা তোমাৰ চকুত।


Next Post Previous Post
No Comment
Add Comment
comment url