সম্পৰ্কত ফাট মেলিচে নেকি প্ৰিয়ংকা আৰু জ'নাছৰ

 সম্পৰ্কত ফাট




এইবাৰ নিজৰ উপাধি আঁতৰাই পেলাইছে প্ৰিয়ংকা চোপ্ৰাই । প্ৰিয়ংকাই নিজৰ নামৰ পাছত থকা ‘জ’নাছ’ উপাধি আঁতৰাই পেলাইছে । বলিউডত এইটো নতুন কথা নহয়। অভিনেত্রী মালাইকা আৰোৰাই বিবাহ বিচ্ছেদৰ আগতেই আঁতৰাই পেলাইছিল নিজৰ নামৰ পাছত থকা খান উপাধি । 





এনে কাম কৰিছে দক্ষিণ ভাৰতৰ কেইবাগৰাকীও অভিনেত্রীয়েও । নিজৰ ইনষ্টাগ্রাম একাউণ্টত নামৰ পাছত থকা জ’নাছ উপাধি আঁতৰাই পেলাইছে প্ৰিয়ংকায়ো । প্ৰিয়ংকাৰ ইউজাৰৰ নাম আছিল প্রিয়ংকা চোপ্রা জ’নাছ । 



এতিয়া কেৱল প্ৰিয়ংকাহে আছে । জ’নাছ আৰু প্ৰিয়ংকাৰ সম্পৰ্কৰ মাজত ফাট মেলিছে বুলি বহুতেই আশংকা কৰিছে । প্ৰিয়ংকাই এতিয়াও মুখ খোলা নাই ।



Next Post Previous Post
No Comment
Add Comment
comment url